ছূৰা 34 · জুজ 22

Saba · 34:10

۞ وَلَقَدْ آتَيْنَا دَاوُودَ مِنَّا فَضْلًا ۖ يَا جِبَالُ أَوِّبِي مَعَهُ وَالطَّيْرَ ۖ وَأَلَنَّا لَهُ الْحَدِيدَ

আৰু অৱশ্যে আমি আমাৰ ফালৰ দাউদক প্ৰদান কৰিছিলো মৰ্যাদা আৰু আদেশ কৰিছিলো, হে পৰ্বতমালা! তোমালোকে দাউদৰ লগত বাৰে বাৰে মোৰ পৱিত্ৰতা ঘোষণা কৰা আৰু চৰাইবোৰকো (আমি এই আদেশ কৰিছিলো)। আৰু তেওঁৰ বাবে আমি লোহাক কোমল কৰি দিছিলো,

তাফছীৰ

নিশ্চয় আমি আমাৰ ফালৰ পৰা দাঊদ আলাইহিচ্ছালামক নবুওৱত প্ৰদান কৰিছিলোঁ আৰু ৰাজত্ব প্ৰদান কৰিছিলোঁ। আৰু পৰ্বতসমূহক কৈছিলোঁ, হে পৰ্বতসমূহ! তোমালোকে দাঊদৰ সৈতে তছবীহ পাঠ কৰা। এই নিৰ্দেশ আমি চৰাই-চিৰিকটিবিলাককো দিছিলোঁ। আমি তেওঁৰ বাবে লোহাক লেতু-সেতু কৰি দিছিলোঁ, যাতে তেওঁ নিজ ইচ্ছামতে প্ৰয়োজনীয় সা-সামগ্ৰী আদি বনাব পাৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক