ছূৰা 34 · জুজ 22

Saba · 34:9

أَفَلَمْ يَرَوْا إِلَىٰ مَا بَيْنَ أَيْدِيهِمْ وَمَا خَلْفَهُمْ مِنَ السَّمَاءِ وَالْأَرْضِ ۚ إِنْ نَشَأْ نَخْسِفْ بِهِمُ الْأَرْضَ أَوْ نُسْقِطْ عَلَيْهِمْ كِسَفًا مِنَ السَّمَاءِ ۚ إِنَّ فِي ذَٰلِكَ لَآيَةً لِكُلِّ عَبْدٍ مُنِيبٍ

সিহঁতক আগফালৰ পৰা আৰু পিছফালৰ পৰা আগুৰি ৰখা আকাশৰ প্ৰতি আৰু পৃথিৱীৰ প্ৰতি সিহঁতে লক্ষ্য কৰা নাইনে? আমি ইচ্ছা কৰিলে সিহঁতক মাটিসহ পুতি দিব পাৰো অথবা সিহঁতৰ ওপৰত আকাশৰ পৰা এটা টুকুৰা পেলাব পাৰো। নিশ্চয় ইয়াত আছে নিদৰ্শন, প্ৰত্যেক আল্লাহ অভিমুখী বান্দাৰ বাবে।

তাফছীৰ

আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা এই লোকসকলে পৃথিৱী আৰু আকাশখনক দেখা নাপায় নেকি? আমি ইচ্ছা কৰিলে সিহঁতৰ ভৰিৰ তলত ভূমিস্খলন সৃষ্টি কৰিব পাৰোঁ আৰু সিহঁতক ভূগৰ্ভত বিলীন কৰিব পাৰোঁ। লগতে আমি সিহঁতৰ ওপৰত আকাশৰ কোনো এটা টুকুৰা ভাঙি পেলাবলৈ ইচ্ছা কৰিলে, সেইটোও কৰিব পাৰোঁ। নিশ্চয় ইয়াত প্ৰত্যেক সেই বান্দাৰ বাবে এটা নিৰ্ণায়ক সংকেত আছে, যিয়ে নিজ প্ৰতিপালকৰ ওচৰলৈ অধিক প্ৰত্যাৱৰ্তন কামনা কৰে। তথা ইয়াক আল্লাহৰ ক্ষমতাৰ প্ৰমাণ হিচাপে গ্ৰহণ কৰে। কিয়নো যি সত্তাই এইবোৰ কৰিবলৈ সক্ষম, তেওঁ নিশ্চয় তোমালোকক মৃত্যুৰ পিছত তথা তোমালোকৰ শৰীৰ ছিন্ন-বিচ্ছিন্ন হোৱাৰ পিছতো তোমালোকক পুনৰ্জীৱিত কৰিবলৈ সক্ষম।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক