ছূৰা 34 · জুজ 22

Saba · 34:18

وَجَعَلْنَا بَيْنَهُمْ وَبَيْنَ الْقُرَى الَّتِي بَارَكْنَا فِيهَا قُرًى ظَاهِرَةً وَقَدَّرْنَا فِيهَا السَّيْرَ ۖ سِيرُوا فِيهَا لَيَالِيَ وَأَيَّامًا آمِنِينَ

সিহঁতক লগতে আৰু যিবোৰ জনপদৰ মাজত আমি বৰকত দিছিলো, সেইবোৰৰ মধ্যৱৰ্তী স্থানত আমি দৃশ্যমান বহুতো জনপদ স্থাপন কৰিছিলো আৰু সেইবোৰ জনপদত ভ্ৰমণৰ বাবে যথাযথ ব্যৱস্থা কৰিছিলো। কৈছিলো, ‘তোমালোকে এইবোৰ জনপদত দিনে-ৰাতি (যেতিয়া ইচ্ছা তেতিয়াই) নিৰাপদে ভ্ৰমণ কৰা’।

তাফছীৰ

য়ামানত আমি ছাবা-বাসীসকলৰ মাজত আৰু ছিৰিয়াত যিবোৰ জনবসতিৰ ওপৰত আমি বৰকত প্ৰদান কৰিছিলোঁ, সেইবোৰৰ ওচৰে-পাঁজৰে অন্য আৰু কিছুমান গাওঁ আমি গঢ়ি তুলিছিলোঁ। সিহঁতে এটাৰ পিছত এটা জনবসতি অতিক্ৰম কৰি সহজেই ছিৰিয়াতগৈ উপনীত হ’ব পাৰিছিল। আমি সিহঁতক কৈছিলোঁ, তোমালোকে নিজ ইচ্ছা অনুসৰি ৰাতিতেই হওক অথবা দিনত, যেতিয়াই ইচ্ছা তেতিয়াই নিৰাপদভাৱে সহজে ভ্ৰমণ কৰিব পাৰা। শত্ৰু, ভোক-পিয়াহ আদিৰ কোনো ভয় নাই।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক