ছূৰা 34 · জুজ 22

Saba · 34:1

الْحَمْدُ لِلَّهِ الَّذِي لَهُ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ وَلَهُ الْحَمْدُ فِي الْآخِرَةِ ۚ وَهُوَ الْحَكِيمُ الْخَبِيرُ

সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে, আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে তেৱেঁই সেই সকলোবোৰৰ মালিক আৰু আখিৰাততো সকলো প্ৰশংসা তেওঁৰেই। তেওঁ প্ৰজ্ঞাময়, সম্যক অৱহিত।

তাফছীৰ

সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, যাৰ অধীনত আছে আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো বস্তু। তেৱেঁই সিহঁতক সৃষ্টি কৰিছে, তেৱেঁই সেইবোৰৰ মালিক, আৰু তেৱেঁই সেইবোৰক নিয়ন্ত্ৰণ কৰে। সেই পৱিত্ৰ আল্লাহৰ বাবেই আছে আখিৰাতত প্ৰশংসা। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মহাপ্ৰজ্ঞাৱান। বান্দাৰ অৱস্থা সম্পৰ্কে তেওঁ সম্যক অৱহিত। তেওঁৰ পৰা একোৱেই গোপন নহয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক