ছূৰা 33 · জুজ 22
Al-Ahzab · 33:73
لِيُعَذِّبَ اللَّهُ الْمُنَافِقِينَ وَالْمُنَافِقَاتِ وَالْمُشْرِكِينَ وَالْمُشْرِكَاتِ وَيَتُوبَ اللَّهُ عَلَى الْمُؤْمِنِينَ وَالْمُؤْمِنَاتِ ۗ وَكَانَ اللَّهُ غَفُورًا رَحِيمًا
যাতে আল্লাহে মুনাফিক পুৰুষ আৰু মুনাফিকা নাৰী লগতে মুশ্বৰিক পুৰুষ আৰু মুশ্বৰিকা নাৰীক শাস্তি দিয়ে আৰু মুমিন পুৰুষ আৰু মুমিনা নাৰীক ক্ষমা কৰে। আল্লাহ অত্যন্ত ক্ষমাশীল, পৰম দয়ালু।
তাফছীৰ
মানুহে আল্লাহৰ সিদ্ধান্ত অনুসাৰে এই দায়িত্বভাৰ গ্ৰহণ কৰিছে। যাতে আল্লাহে মুনাফিক পুৰুষ আৰু মুনাফিকা নাৰীক তথা মুশ্বৰিক পুৰুষ আৰু মুশ্বৰিকা নাৰীক সিহঁতৰ নিফাক আৰু আল্লাহৰ লগত কৰা শ্বিৰ্কৰ বাবে শাস্তি বিহিব পাৰে। পক্ষান্তৰে সেইসকল মুমিন পুৰুষ আৰু মুমিনা নাৰীৰ তাওবা কবূল কৰিব পাৰে, যিসকলে দায়িত্বভাৰ সুচাৰুৰূপে পালন কৰিছে। নিশ্চয় আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি অতি ক্ষমাশীল, তথা তেওঁলোকৰ প্ৰতি অতি দয়ালু।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক