ছূৰা 33 · জুজ 22

Al-Ahzab · 33:72

إِنَّا عَرَضْنَا الْأَمَانَةَ عَلَى السَّمَاوَاتِ وَالْأَرْضِ وَالْجِبَالِ فَأَبَيْنَ أَنْ يَحْمِلْنَهَا وَأَشْفَقْنَ مِنْهَا وَحَمَلَهَا الْإِنْسَانُ ۖ إِنَّهُ كَانَ ظَلُومًا جَهُولًا

নিশ্চয় আমি আকাশসমূহ, পৃথিৱী আৰু পৰ্বতমালাৰ প্ৰতিও এই আমানতৰ প্ৰস্তাৱ দিছিলো কিন্তু সিহঁতে এইটো (দায়িত্বভাৰ) বহন কৰিবলৈ অস্বীকাৰ কৰিলে আৰু সেয়া ল’বলৈ ভয় কৰিলে আৰু মানুহে সেয়া বহন কৰিলে; নিশ্চয় সি অত্যন্ত যালিম, অতি অজ্ঞ।

তাফছীৰ

চৰীয়তৰ দায়িত্বভাৰ তথা ধন-সম্পত্তি আৰু গোপন তথ্যৰ সংৰক্ষণৰ দায়িত্ব আদি আকাশমণ্ডল, পৃথিৱী আৰু পৰ্বতমালাক দিয়াৰ বাবে উপস্থাপন কৰিছিলোঁ, কিন্তু সেইবোৰে ইয়াৰ পৰিণাম সম্পৰ্কে চিন্তা কৰি ভয়তে ইয়াৰ দায়িত্ব লোৱাৰ পৰা আঁতৰি গ’ল। কিন্তু মানুহে সেই দায়িত্ব গ্ৰহণ কৰিলে। নিশ্চয় মানৱ হৈছে নিজৰ ওপৰত অন্যায়কাৰী তথা ইয়াৰ পৰিণাম সম্পৰ্কে অজ্ঞ।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক