ছূৰা 33 · জুজ 22
Al-Ahzab · 33:71
يُصْلِحْ لَكُمْ أَعْمَالَكُمْ وَيَغْفِرْ لَكُمْ ذُنُوبَكُمْ ۗ وَمَنْ يُطِعِ اللَّهَ وَرَسُولَهُ فَقَدْ فَازَ فَوْزًا عَظِيمًا
এনে কৰিলে তেওঁ তোমালোকৰ বাবে তোমালোকৰ আমলসমূহ সংশোধন কৰিব আৰু তোমালোকৰ পাপসমূহ ক্ষমা কৰিব। যি ব্যক্তি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰে, সি অৱশ্যে মহা সফলতা অৰ্জন কৰিলে।
তাফছীৰ
যদি তোমালোকে আল্লাহক ভয় কৰা আৰু সদায় সত্য কথা কোৱা, তেন্তে আল্লাহে তোমালোকৰ কৰ্মবোৰ সংশোধন কৰি দিব, তথা সেইবোৰ স্বীকাৰ কৰিব। লগতে তোমালোকৰ গুনাহসমূহ ক্ষমা কৰি দিব, সেইবোৰৰ বাবে তোমালোকক জবাবদিহি নকৰিব। গতিকে যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিব, তেওঁ দৰাচলতে মহাসফলতা অৰ্জন কৰিব, সেই সফলতাৰ তুলনাত সকলো সফলতা তুচ্ছ। অৰ্থাৎ তেওঁ আল্লাহৰ সন্তুষ্টি অৰ্জন কৰাৰ সৌভাগ্য লাভ কৰিব আৰু জান্নাতত প্ৰৱেশ কৰাৰ সুযোগ লাভ কৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক