ছূৰা 34 · জুজ 22

Saba · 34:2

يَعْلَمُ مَا يَلِجُ فِي الْأَرْضِ وَمَا يَخْرُجُ مِنْهَا وَمَا يَنْزِلُ مِنَ السَّمَاءِ وَمَا يَعْرُجُ فِيهَا ۚ وَهُوَ الرَّحِيمُ الْغَفُورُ

তেওঁ জানে মাটিত যি প্ৰৱেশ কৰে আৰু তাৰ পৰা যি ওলায়, লগতে আকাশৰ পৰা যি অৱতীৰ্ণ হয় আৰু যি তালৈ আৰোহণ কৰে। তেওঁ পৰম দয়ালু, অতি ক্ষমাশীল।

তাফছীৰ

তেওঁ সেই সকলো বস্তু সম্পৰ্কে অৱগত যিবোৰ মাটিৰ ভিতৰত সোমায়, উদাহৰণস্বৰূপে পানী আৰু গছৰ শিপা আদি। তেওঁ সেই বিষয়েও জানে যিবোৰ মাটিৰ পৰা ওলায়, যেনে উদ্ভিদ আদি। আকাশৰ পৰা অৱতীৰ্ণ হোৱা বৰষুণ, ফিৰিস্তা আৰু জীৱিকা সম্পৰ্কেও তেওঁ অৱগত। আনহাতে আকাশলৈ আৰোহণ কৰা ফিৰিস্তা, বান্দাৰ আমল আৰু সিহঁতৰ প্ৰাণ সম্পৰ্কেও অৱগত। তেওঁ মুমিন বান্দাসকলৰ প্ৰতি অতি দয়ালু। তাওবাকাৰীসকলৰ প্ৰতি ক্ষমাশীল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক