ছূৰা 33 · জুজ 21
Al-Ahzab · 33:9
يَا أَيُّهَا الَّذِينَ آمَنُوا اذْكُرُوا نِعْمَةَ اللَّهِ عَلَيْكُمْ إِذْ جَاءَتْكُمْ جُنُودٌ فَأَرْسَلْنَا عَلَيْهِمْ رِيحًا وَجُنُودًا لَمْ تَرَوْهَا ۚ وَكَانَ اللَّهُ بِمَا تَعْمَلُونَ بَصِيرًا
হে মুমিনসকল! তোমালোকে তোমালোকৰ প্ৰতি আল্লাহৰ অনুগ্ৰহসমূহ স্মৰণ কৰা, যেতিয়া শত্ৰু বাহিনী তোমালোকৰ বিৰুদ্ধে সমাগত হৈছিল, তাৰ পিছত আমি সিহঁতৰ বিৰুদ্ধে প্ৰেৰণ কৰিছিলো ঘূৰ্ণীবতাহ লগতে এনেকুৱা সৈন্যবাহিনী যিটো তোমালোকে দেখা নাছিলা। তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।
তাফছীৰ
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! আল্লাহে তোমালোকক প্ৰদান কৰা সেই নিয়ামতসমূহক স্মৰণ কৰা, যেতিয়া কাফিৰসকলৰ সেনাবাহিনীয়ে তোমালোকৰ লগত যুদ্ধ কৰিবলৈ দলে দলে মদীনাৰ পিনে ধাৱমান হৈছিল, লগতে মুনাফিকীন আৰু ইয়াহুদীসকলেও সিহঁতক সহায় কৰিছিল। ফলত আমি সিহঁতৰ ওপৰত প্ৰেৰণ কৰিছিলোঁ বতাহ, অৰ্থাৎ পূৱ ফালৰ পৰা বলা বতাহ, যিটোৰ দ্বাৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সহায় কৰা হৈছিল, লগতে প্ৰেৰণ কৰিছিলোঁ ফিৰিস্তাসকলৰ এনেকুৱা সেনাবাহিনী যিবোৰক তোমালোকে দেখা নাছিলা। অৱশেষত কাফিৰসকল পলায়ন কৰিবলৈ বাধ্য হৈছিল। সিহঁতে একো কৰিব পৰা নাছিল। তোমালোকে যি কৰিছিলা নিশ্চয় আল্লাহে সেয়া চাই আছিল। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নাছিল। অচিৰেই তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক