ছূৰা 33 · জুজ 21
Al-Ahzab · 33:10
إِذْ جَاءُوكُمْ مِنْ فَوْقِكُمْ وَمِنْ أَسْفَلَ مِنْكُمْ وَإِذْ زَاغَتِ الْأَبْصَارُ وَبَلَغَتِ الْقُلُوبُ الْحَنَاجِرَ وَتَظُنُّونَ بِاللَّهِ الظُّنُونَا
যেতিয়া সিহঁতে তোমালোকৰ বিৰুদ্ধে সমাগত হৈছিল, তোমালোকৰ ওপৰৰ পৰা আৰু নিম্নফালৰ পৰা, তেতিয়া তোমালোকৰ চকু থৰ লাগিছিল আৰু তোমালোকৰ প্ৰাণ কণ্ঠাগত হৈ পৰিছিল, আৰু তোমালোকে আল্লাহ সম্পৰ্কে নানাবিধ ধাৰণা পোষণ কৰিছিলা।
তাফছীৰ
এইটো তেতিয়া সংঘটিত হৈছিল, যেতিয়া কাফিৰসকলে উপত্যকাৰ ওপৰিভাগৰ পৰা আৰু নিম্নভাগৰ পৰা অৰ্থাৎ পূৱ আৰু পশ্চিমৰ পৰা আক্ৰমণ কৰিবলৈ আহিছিল। তেতিয়া সকলো বস্তুক এৰি শত্ৰুক দেখা পাই তোমালোকৰ চকু থৰ লাগিছিল। লগতে ভয়তে তোমালোকৰ প্ৰাণ কণ্ঠাগত হৈছিল। আৰু তোমালোক আল্লাহ সম্পৰ্কে নানাধৰণৰ ধাৰণা পোষণ কৰিছিলা। কেতিয়াবা সহায় পাবা বুলি ধাৰণা কৰিছিলা, আকৌ কেতিয়াবা নিৰাশ হৈ পৰিছিলা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক