ছূৰা 33 · জুজ 21

Al-Ahzab · 33:11

هُنَالِكَ ابْتُلِيَ الْمُؤْمِنُونَ وَزُلْزِلُوا زِلْزَالًا شَدِيدًا

তেতিয়া মুমিনসকলক পৰীক্ষা কৰা হৈছিল আৰু তেওঁলোক ভীষণভাৱে প্ৰকম্পিত হৈছিল।

তাফছীৰ

সেই সময়ছোৱাত অৰ্থাৎ খন্দকৰ যুদ্ধৰ সময়ত মুমিনসকলৰ কঠিন পৰীক্ষা লোৱা হৈছিল। কাৰণ তেতিয়া সকলো শত্ৰু মিলি একেলগে আক্ৰমণ কৰিবলৈ আহিছিল। আৰু তেওঁলোক সেই কঠিন সন্ধিক্ষণত ভীত-সন্ত্ৰস্ত হৈ পৰিছিল। এই পৰীক্ষাৰ দ্বাৰা স্পষ্ট হৈ পৰিছিল যে, মুমিন কোন আৰু মুনাফিক কোন।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক