ছূৰা 33 · জুজ 21
Al-Ahzab · 33:12
وَإِذْ يَقُولُ الْمُنَافِقُونَ وَالَّذِينَ فِي قُلُوبِهِمْ مَرَضٌ مَا وَعَدَنَا اللَّهُ وَرَسُولُهُ إِلَّا غُرُورًا
আৰু স্মৰণ কৰা, যেতিয়া মুনাফিকসকলে আৰু যিসকলৰ অন্তৰত ব্যাধি আছিল সিহঁতে কৈছিল, ‘আল্লাহ আৰু তেওঁৰ ৰাছুলে আমাক যি প্ৰতিশ্ৰুতি দিছিল সেয়া প্ৰতাৰণাৰ বাহিৰে আন একো নহয়’।
তাফছীৰ
সেইদিনা মুনাফিকসকলে আৰু দুৰ্বল ঈমানৰ অধিকাৰী লোকসকলে সন্দেহ পোষণ কৰি কৈছিলঃ আল্লাহ আৰু তেওঁৰ ৰাছুলে আমাৰ শত্ৰুৰ বিৰুদ্ধে আমাক সহায় কৰাৰ যি প্ৰতিশ্ৰুতি দিছিল, আৰু পৃথিৱীত আমাক প্ৰতিষ্ঠিত কৰাৰ যি আশ্বাস দিছিল, সেইবোৰ আছিল মিছা তথা ভিত্তিহীন।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক