ছূৰা 33 · জুজ 21
Al-Ahzab · 33:13
وَإِذْ قَالَتْ طَائِفَةٌ مِنْهُمْ يَا أَهْلَ يَثْرِبَ لَا مُقَامَ لَكُمْ فَارْجِعُوا ۚ وَيَسْتَأْذِنُ فَرِيقٌ مِنْهُمُ النَّبِيَّ يَقُولُونَ إِنَّ بُيُوتَنَا عَوْرَةٌ وَمَا هِيَ بِعَوْرَةٍ ۖ إِنْ يُرِيدُونَ إِلَّا فِرَارًا
আৰু যেতিয়া সিহঁতৰ এটা দলে কৈছিল, ‘হে ইয়াছৰিবৰ অধিবাসীসকল! (ইয়াত ৰাছুলৰ ওচৰত প্ৰতিৰোধ কৰাৰ বাবে) তোমালোকৰ কোনো স্থান নাই। এতেকে তোমালোকে (ঘৰলৈ) উভতি যোৱা’, আৰু সিহঁতৰ মাজৰ এটা দলে নবীৰ ওচৰত অব্যাহতি বিচাৰি প্ৰাৰ্থনা কৰি কৈছিল, ‘আমাৰ ঘৰ-দুৱাৰসমূহ অৰক্ষিত’; অথচ সেইবোৰ অৰক্ষিত নাছিল, আচলতে পলাই যোৱাটোহে আছিল সিহঁতৰ মূল উদ্দেশ্য।
তাফছীৰ
হে ৰাছুল! স্মৰণ কৰক সেই সময়ছোৱাক, যেতিয়া মুনাফিকসকলৰ এটা দলে মদীনাবাসীক উদ্দেশ্যি কৈছিলঃ হে ইয়াছৰীবৰ অধিবাসীসকল (ইছলামৰ পূৰ্বে মদীনাৰ বাবে এইটো নাম প্ৰসিদ্ধ আছিল)! খন্দকৰ ওচৰত ছালাআ পৰ্বতৰ তলদেশত তোমালোকৰ কোনো স্থান নাই, গতিকে তোমালোকে নিজ নিজ ঘৰলৈ উভতি যোৱা। সিহঁতৰ মাজৰ এটা দলে ঘৰলৈ উভতি যোৱাৰ অনুমতি বিচাৰি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আবেদন কৰিছিল। সিহঁতে দাবী কৰিছিল যে, সিহঁতৰ ঘৰ শত্ৰুসকলৰ বাবে উন্মুক্ত হৈ আছে। যদিও পৰিস্থিতি তেনেকুৱা নাছিল, যিদৰে সিহঁতে দাবী কৰিছে। দৰাচলতে সিহঁতে মিছা অজুহাত দেখুৱাই শত্ৰুৰ পৰা পলায়ন কৰিব বিচাৰিছিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক