ছূৰা 33 · জুজ 21
Al-Ahzab · 33:14
وَلَوْ دُخِلَتْ عَلَيْهِمْ مِنْ أَقْطَارِهَا ثُمَّ سُئِلُوا الْفِتْنَةَ لَآتَوْهَا وَمَا تَلَبَّثُوا بِهَا إِلَّا يَسِيرًا
আৰু যদি বিভিন্ন ফালৰ পৰা সিহঁতৰ বিৰুদ্ধে শত্ৰুসকল প্ৰৱেশ কৰিলেহেঁতেন, তাৰ পিছত সিহঁতক শ্বিৰ্ক কৰাৰ বাবে আহ্বান জনোৱা হ’লে সিহঁতে অৱশ্যে সেয়া কৰিলেহেঁতেন, সিহঁতে সেইটো কৰিবলৈ অকণো পলম নকৰিলেহেঁতেন।
তাফছীৰ
শত্ৰুসকলে মদীনাৰ চাৰিওফালৰ পৰা আহি যদি সিহঁতৰ ওপৰত আক্ৰমণ কৰিলেহেঁতেন, তথা সিহঁতক যদি কুফৰ আৰু শ্বিৰ্কলৈ উভতি যোৱাৰ প্ৰস্তাৱ দিলেহেঁতেন তেন্তে সিহঁতে নিশ্চিতভাৱে সিহঁতৰ প্ৰস্তাৱ মানি ল’লেহেঁতেন। সিহঁতে ইছলামৰ পৰা ওলাই যোৱাৰ ক্ষেত্ৰত আৰু কুফৰীৰ পিনে উভতি যোৱাৰ ক্ষেত্ৰত অলপো সংকোচবোধ নকৰিলেহেঁতেন।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক