ছূৰা 33 · জুজ 22

Al-Ahzab · 33:60

۞ لَئِنْ لَمْ يَنْتَهِ الْمُنَافِقُونَ وَالَّذِينَ فِي قُلُوبِهِمْ مَرَضٌ وَالْمُرْجِفُونَ فِي الْمَدِينَةِ لَنُغْرِيَنَّكَ بِهِمْ ثُمَّ لَا يُجَاوِرُونَكَ فِيهَا إِلَّا قَلِيلًا

যদি মুনাফিকসকল আৰু যিসকলৰ অন্তৰত ব্যাধি আছে সিহঁতে আৰু চহৰত মিছা সংবাদ প্ৰচাৰকাৰীসকলে বিৰত নহয় তেন্তে অৱশ্যে আমি তোমাক সিহঁতৰ বিৰুদ্ধে প্ৰবল কৰিম; ইয়াৰ পিছত এই চহৰত সিহঁতে তোমাৰ প্ৰতিবেশীৰূপে অতি কম সময়হে থাকিব পাৰিব,

তাফছীৰ

মুনাফিকসকলে যদি সিহঁতৰ নিফাকৰ পৰা বিৰত নাথাকে, অৰ্থাৎ ইছলাম প্ৰকাশ কৰি অন্তৰত কুফৰী গোপন ৰখা অভ্যাসৰ পৰা যদি বিৰত নাথাকে। তথা যিসকলৰ পাপিষ্ঠ অন্তৰত প্ৰবৃত্তিৰ অশ্লীল চাহিদা লুকাই আছে, লগতে সেইসকল লোক যিসকলে মদীনাত মুমিনসকলক বিভক্ত কৰিবলৈ মিছা খবৰ বিয়পায়, যদি এই লোকসকলে নিজৰ নিজৰ কুকৰ্মৰ পৰা বিৰত নাথাকে তেন্তে হে ৰাছুল! সিহঁতক শাস্তি প্ৰদান কৰিবলৈ আমি আপোনাক নিৰ্দেশ জাৰি কৰিম, আৰু সিহঁতৰ ওপৰত আপোনাক কৰ্তৃত্ব প্ৰদান কৰিম। তেতিয়া সিহঁতে মদীনাত বেছি দিন আপোনাৰ সৈতে তিষ্টিব নোৱাৰিব। যিহেতু সিহঁতে পৃথিৱীত উপদ্ৰৱ সৃষ্টি কৰিছে, সেয়ে সিহঁতক হয়তো ধ্বংস কৰা হ’ব নাইবা মদীনাৰ পৰা বহিষ্কৃত কৰা হ’ব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক