ছূৰা 33 · জুজ 22

Al-Ahzab · 33:59

يَا أَيُّهَا النَّبِيُّ قُلْ لِأَزْوَاجِكَ وَبَنَاتِكَ وَنِسَاءِ الْمُؤْمِنِينَ يُدْنِينَ عَلَيْهِنَّ مِنْ جَلَابِيبِهِنَّ ۚ ذَٰلِكَ أَدْنَىٰ أَنْ يُعْرَفْنَ فَلَا يُؤْذَيْنَ ۗ وَكَانَ اللَّهُ غَفُورًا رَحِيمًا

হে নবী! তুমি তোমাৰ স্ত্ৰীসকলক, তোমাৰ জীয়ৰীসকলক আৰু মুমিনসকলৰ স্ত্ৰীসকলক কোৱা, তেওঁলোকে যেন তেওঁলোকৰ চাদৰৰ কিছু অংশ নিজৰ ওপৰত টানি লয়। এইটো তেওঁলোকক চিনাৰ সহজ উপায়, ফলত তেওঁলোকক বিৰক্ত কৰা নহ'ব। আল্লাহ পৰম ক্ষমাশীল, পৰম দয়ালু।

তাফছীৰ

হে নবী! আপুনি আপোনাৰ স্ত্ৰীসকলক, আপোনাৰ জীয়েকহঁতক আৰু মুমিনা নাৰীসকলক কৈ দিয়কঃ তেওঁলোকে যেন নিজৰ ওপৰত চাদৰ এখন টানি লয়। যাতে পৰপুৰুষৰ সন্মুখত তেওঁলোকৰ শৰীৰৰ কোনো অংগ প্ৰকাশ নাপায়। ইয়াৰ ফলত এইটো চিনি পোৱা সহজ হৈ পৰিব যে, তেওঁলোক হৈছে স্বাধীন নাৰী। এতেকে তেওঁলোকক কোনেও অসুবিধা নিদিব, যিদৰে দাসীসকলক অসুবিধা দিয়ে। নিশ্চয় আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল আৰু তেওঁলোকৰ প্ৰতি অতি দয়ালু।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক