ছূৰা 33 · জুজ 22
Allah and His angels send blessings · Al-Ahzab 33:56
إِنَّ اللَّهَ وَمَلَائِكَتَهُ يُصَلُّونَ عَلَى النَّبِيِّ ۚ يَا أَيُّهَا الَّذِينَ آمَنُوا صَلُّوا عَلَيْهِ وَسَلِّمُوا تَسْلِيمًا
নিশ্চয় আল্লাহে নবীৰ প্ৰশংসা কৰে আৰু তেওঁৰ ফিৰিস্তাসকল নবীৰ বাবে দুআ আৰু ইছতিগফাৰ কৰে। হে ঈমান্দাৰসকল! তোমালোকেও নবীৰ প্ৰতি দৰুদ পাঠ কৰা আৰু তেওঁক যথাযথভাৱে ছালাম জনোৱা।
তাফছীৰ
নিশ্চয় আল্লাহে ফিৰিস্তাসকলৰ সন্মুখত ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰশংসা কৰে। আৰু ফিৰিস্তাসকলে তেওঁৰ বাবে দুআ কৰে। গতিকে হে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা আৰু তেওঁ চৰীয়ত মতে আমল কৰা বান্দাসকল! তোমালোকে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি দৰূদ আৰু ছালাম পাঠ কৰা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক