ছূৰা 33 · জুজ 22

Al-Ahzab · 33:57

إِنَّ الَّذِينَ يُؤْذُونَ اللَّهَ وَرَسُولَهُ لَعَنَهُمُ اللَّهُ فِي الدُّنْيَا وَالْآخِرَةِ وَأَعَدَّ لَهُمْ عَذَابًا مُهِينًا

নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক কষ্ট দিয়ে, আল্লাহে সিহঁতক পৃথিৱী আৰু আখিৰাতত লানত কৰিছে আৰু তেওঁ সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰাখিছে লাঞ্ছনাদায়ক শাস্তি।

তাফছীৰ

যিসকল লোকে আল্লাহ আৰু তেওঁৰ ৰাছুলক নিজৰ কথা আৰু কৰ্মৰ দ্বাৰা কষ্ট দিয়ে, নিশ্চিতভাৱে আল্লাহে সিহঁতক তেওঁৰ ৰহমতৰ পৰা পৃথিৱী আৰু আখিৰাতত বহু দূৰ আঁতৰাই দিছে। তথা তেওঁৰ ৰাছুলক কষ্ট দিয়াৰ বাবে তেওঁ আখিৰাতত সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰাখিছে লাঞ্ছনাদায়ক শাস্তি।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক