ছূৰা 33 · জুজ 22
Al-Ahzab · 33:55
لَا جُنَاحَ عَلَيْهِنَّ فِي آبَائِهِنَّ وَلَا أَبْنَائِهِنَّ وَلَا إِخْوَانِهِنَّ وَلَا أَبْنَاءِ إِخْوَانِهِنَّ وَلَا أَبْنَاءِ أَخَوَاتِهِنَّ وَلَا نِسَائِهِنَّ وَلَا مَا مَلَكَتْ أَيْمَانُهُنَّ ۗ وَاتَّقِينَ اللَّهَ ۚ إِنَّ اللَّهَ كَانَ عَلَىٰ كُلِّ شَيْءٍ شَهِيدًا
নবীৰ স্ত্ৰীসকলৰ বাবে তেওঁলোকৰ পিতৃবৰ্গ, পুত্ৰসকল, ভাতৃসকল, ভতিজাসকল, ভাগিনসকল, লগৰ তিৰোতাসকল আৰু তেওঁলোকৰ দাস-দাসীসকলৰ সন্মুখত সেয়া পালন নকৰাটো কোনো অপৰাধ নহয়। হে নবী-পত্নীসকল! আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় আল্লাহ সকলো বিষয়ে সম্যক প্ৰত্যক্ষদৰ্শী।
তাফছীৰ
তেওঁলোকৰ সৈতে যিসকলে পৰ্দা নোহোৱাকৈ তথা মুখামুখিকৈ কথা ক’ব পাৰিব সেইসকল হৈছেঃ তেওঁলোকৰ পিতা, তেওঁলোকৰ সন্তান-সন্ততি, তেওঁলোকৰ ভাতৃসকল, তেওঁলোকৰ ভতীজাসকল, আৰু তেওঁলোকৰ ভাগিনসকল, বংশগত সম্পৰ্কৰ হওক অথবা দুগ্ধপান সম্পৰ্কীয়। লগতে মুমিনা নাৰীসকল আৰু তেওঁলোকৰ দাস-দাসীসকলেও তেওঁলোকৰ সৈতে পৰ্দা নোহোৱাকৈ কথা পাতিব পাৰিব। হে মুমিনা নাৰীসকল! আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। কাৰণ তেওঁ তোমালোকৰ প্ৰত্যেক কথা আৰু কৰ্ম সম্পৰ্কে অৱগত।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক