ছূৰা 33 · জুজ 21

Al-Ahzab · 33:30

يَا نِسَاءَ النَّبِيِّ مَنْ يَأْتِ مِنْكُنَّ بِفَاحِشَةٍ مُبَيِّنَةٍ يُضَاعَفْ لَهَا الْعَذَابُ ضِعْفَيْنِ ۚ وَكَانَ ذَٰلِكَ عَلَى اللَّهِ يَسِيرًا

হে নবী-পত্নীসকল! তোমালোকৰ মাজৰ কোনোবাই প্ৰকাশ্য অশ্লীল কাম কৰিলে তেওঁৰ বাবে শাস্তি বৃদ্ধি কৰা হ’ব দ্বিগুণ আৰু এইটো আল্লাহৰ বাবে সহজ।

তাফছীৰ

হে নবীৰ স্ত্ৰীসকল! তোমালোকৰ মাজৰ যিয়ে কোনো প্ৰকাশ্য গুনাহ কৰিব, কিয়ামতৰ দিনা তাক দ্বিগুণ শাস্তি বিহা হ’ব। কাৰণ পৃথিৱীৰ অন্যান্য নাৰীসকলৰ তুলনাত তোমালোক মৰ্যাদাৱান। লগতে ইয়াৰ আৰু এটা কাৰণ হৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৰ্যাদাত যাতে কোনো ধৰণৰ আঘাত হানিব নোৱাৰে। দ্বিগুণ শাস্তি বিহাটো আল্লাহৰ পক্ষে অতি সহজ।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক