ছূৰা 33 · জুজ 21

Al-Ahzab · 33:29

وَإِنْ كُنْتُنَّ تُرِدْنَ اللَّهَ وَرَسُولَهُ وَالدَّارَ الْآخِرَةَ فَإِنَّ اللَّهَ أَعَدَّ لِلْمُحْسِنَاتِ مِنْكُنَّ أَجْرًا عَظِيمًا

‘আৰু যদি তোমালোকে কামনা কৰা আল্লাহ, তেওঁৰ ৰাছুল আৰু আখিৰাতৰ আবাস, তেন্তে তোমালোকৰ মাজত যিসকলে সৎকৰ্মশীল আল্লাহে তেওঁলোকৰ বাবে প্ৰস্তুত কৰি ৰাখিছে মহাপ্ৰতিদান’।

তাফছীৰ

আনহাতে যদি তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সন্তুষ্টি কামনা কৰা, লগতে আখিৰাতত জান্নাত কামনা কৰা তেন্তে তোমালোকৰ এই পৰিস্থিতিত ধৈৰ্য্য ধাৰণ কৰা। কাৰণ তোমালোকৰ মাজৰ যিয়ে ধৈৰ্য্য ধাৰণ কৰিব আৰু উত্তমৰূপে দাম্পত্য জীৱন পাৰ কৰিব, তেওঁৰ বাবে আল্লাহে প্ৰস্তুত কৰি ৰাখিছে মহাপ্ৰতিদান।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক