ছূৰা 33 · জুজ 21
Al-Ahzab · 33:26
وَأَنْزَلَ الَّذِينَ ظَاهَرُوهُمْ مِنْ أَهْلِ الْكِتَابِ مِنْ صَيَاصِيهِمْ وَقَذَفَ فِي قُلُوبِهِمُ الرُّعْبَ فَرِيقًا تَقْتُلُونَ وَتَأْسِرُونَ فَرِيقًا
আৰু কিতাবীসকলৰ মাজৰ যিবিলাকে সিহঁতক সহায় কৰিছিল, আল্লাহে সিহঁতক অৱতৰণ কৰালে সিহঁতৰ দূৰ্গসমূহৰ পৰা আৰু সিহঁতৰ অন্তৰসমূহত ভীতিৰ সঞ্চাৰ কৰিলে। ফলত তোমালোকে সিহঁতৰ কিছু সংখ্যক লোকক হত্যা কৰিছা আৰু কিছুমানক বন্দী কৰিছা।
তাফছীৰ
আনহাতে ইয়াহুদীসকলৰ মাজৰ যিসকলে সিহঁতক সহায় কৰিছিল, আল্লাহে সিহঁতক সিহঁতৰ দুৰ্গসমূহৰ পৰা অৱতৰণ কৰাইছিল, য’ত সিহঁতে শত্ৰুৰ পৰা সুৰক্ষিত থাকিবলৈ আশ্ৰয় লৈছিল। লগতে সিহঁতৰ অন্তৰত ভীতিৰ সঞ্চাৰ কৰিছিল। গতিকে হে মুমিনসকল! সেইকাৰণেই তোমালোকে সিহঁতৰ মাজৰ কিছুমানক হত্যা কৰিব পাৰিছিলা আৰু আন কিছুমানক বন্দী কৰিছিলা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক