ছূৰা 33 · জুজ 21
Al-Ahzab · 33:25
وَرَدَّ اللَّهُ الَّذِينَ كَفَرُوا بِغَيْظِهِمْ لَمْ يَنَالُوا خَيْرًا ۚ وَكَفَى اللَّهُ الْمُؤْمِنِينَ الْقِتَالَ ۚ وَكَانَ اللَّهُ قَوِيًّا عَزِيزًا
আৰু আল্লাহে কাফিৰসকলক ক্ৰুদ্ধাৱস্থাত উভতাই দিলে, সিহঁতে কোনো কল্যাণ লাভ কৰা নাই। যুদ্ধত মুমিনসকলৰ বাবে আল্লাহেই যথেষ্ট। আল্লাহ সৰ্বশক্তিমান, প্ৰবল পৰাক্ৰমশালী।
তাফছীৰ
আল্লাহে কুৰাইশ্ব আৰু গাতফানক আৰু সিহঁতৰ সঙ্গীসকলক নিৰাশ কৰি তথা সিহঁতৰ উদ্দেশ্যত উপনীত হোৱাৰ পৰা ব্যৰ্থ কৰি হতাশ অৱস্থাত ওভোতাই পঠিয়াইছিল। সিহঁতে মুমিনসকলক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত বিফল হৈছিল। সিহঁতৰ লগত যুদ্ধ কৰিবলৈ মুমিনসকলৰ বাবে আল্লাহেই যথেষ্ট। তেৱেঁই প্ৰচণ্ড ধুমুহা প্ৰেৰণ কৰিছিল আৰু ফিৰিস্তাসকলক অৱতীৰ্ণ কৰিছিল। আল্লাহ সৰ্বশক্তিমান তথা মহাপৰাক্ৰমশালী, তেওঁৰ বিপক্ষে যিয়েই থিয় দিব, সি পৰাজিত হ’ব তথা অপমানিত লাঞ্ছিত হ’ব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক