ছূৰা 33 · জুজ 21

Al-Ahzab · 33:27

وَأَوْرَثَكُمْ أَرْضَهُمْ وَدِيَارَهُمْ وَأَمْوَالَهُمْ وَأَرْضًا لَمْ تَطَئُوهَا ۚ وَكَانَ اللَّهُ عَلَىٰ كُلِّ شَيْءٍ قَدِيرًا

আৰু তেৱেঁই তোমালোকক সিহঁতৰ ভূমি, ঘৰ-দুৱাৰ আৰু সিহঁতৰ ধন-সম্পদৰ উত্তৰাধিকাৰী কৰিলে, আৰু এনেকুৱা এটা ভূমিৰ (উত্তৰাধিকাৰী কৰিলে) য’ত তোমালোকে এতিয়াও পদাৰ্পণ কৰা নাই; আৰু আল্লাহ সকলো বস্তুৰ ওপৰত পূৰ্ণ ক্ষমতাবান।

তাফছীৰ

এতেকে সিহঁতক ধ্বংস কৰাৰ পিছত আল্লাহে সিহঁতৰ ভূমি আৰু খেতি-বাতি তথা সিহঁতৰ খেজুৰ বাগান আদি তোমালোকৰ অধীনস্থ কৰিছিল। লগতে সিহঁতৰ ঘৰ-দুৱাৰ আৰু অন্যান্য সা-সম্পত্তিৰো তোমালোকক মালিক বনাই দিছিল। তথা তেওঁ তোমালোককক খয়বৰ ভূমিৰ স্বত্বাধিকাৰী বনাব, য'ত তোমালোকে এতিয়াও পদাৰ্পন কৰা নাই। কিন্তু অতিশীঘ্ৰে তোমালোকে সেইটোক ভৰিৰে মোহাৰিবা। মুমিনসকলৰ বাবে এইটো এটা প্ৰতিশ্ৰুতি তথা সুসংবাদ। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। একোৱেই তেওঁৰ সাধ্যাতীত নহয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক