ছূৰা 31 · জুজ 21
Luqman · 31:33
يَا أَيُّهَا النَّاسُ اتَّقُوا رَبَّكُمْ وَاخْشَوْا يَوْمًا لَا يَجْزِي وَالِدٌ عَنْ وَلَدِهِ وَلَا مَوْلُودٌ هُوَ جَازٍ عَنْ وَالِدِهِ شَيْئًا ۚ إِنَّ وَعْدَ اللَّهِ حَقٌّ ۖ فَلَا تَغُرَّنَّكُمُ الْحَيَاةُ الدُّنْيَا وَلَا يَغُرَّنَّكُمْ بِاللَّهِ الْغَرُورُ
হে মানৱ! তোমালোকে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰা আৰু ভয় কৰা সেই দিনটোক, যিদিনা কোনো পিতৃয়ে তাৰ সন্তানৰ ফালৰ পৰা একো আদায় নকৰিব, এইদৰেই কোনো সন্তানেও তাৰ পিতৃৰ ফালৰ পৰা একো আদায় নকৰিব। নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য, এতেকে পাৰ্থিৱ জীৱনে যেন তোমালোকক কেতিয়াও প্ৰতাৰিত কৰিব নোৱাৰে আৰু সেই প্ৰবঞ্চকেও যেন তোমালোকক কেতিয়াও আল্লাহ সম্পৰ্কে প্ৰবঞ্চিত কৰিব নোৱাৰে।
তাফছীৰ
হে মানৱজাতি! তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। তথা সেই দিৱসটোক ভয় কৰা যিদিনা পিতৃয়েও সন্তানক উপকাৰ কৰিব নোৱাৰিব, আনহাতে সন্তানেও পিতৃক একো উপকাৰ কৰিব নোৱাৰিব। কিয়ামতৰ দিনা প্ৰতিদান দিবলগীয়া আল্লাহৰ এই প্ৰতিশ্ৰুতি নিশ্চিতভাৱে পূৰণ হ’বই হ’ব। এতেকে পাৰ্থিৱ জীৱনৰ ভোগ-সামগ্ৰী আৰু ইয়াৰ মায়াজালত পৰি তোমালোকে যেন প্ৰতাৰিত নোহোৱা। আনহাতে চয়তানেও যেন তোমালোকক প্ৰৱঞ্চনা কৰিব নোৱাৰে, এই আশা দেখুৱাই যে, আল্লাহে তোমালোকৰ প্ৰতি অনুগ্ৰহ কৰিয়ে থাকিব তথা তোমালোকৰ পৰা শাস্তি পিছুৱাই দিয়া হ’ব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক