ছূৰা 31 · জুজ 21

Luqman · 31:34

إِنَّ اللَّهَ عِنْدَهُ عِلْمُ السَّاعَةِ وَيُنَزِّلُ الْغَيْثَ وَيَعْلَمُ مَا فِي الْأَرْحَامِ ۖ وَمَا تَدْرِي نَفْسٌ مَاذَا تَكْسِبُ غَدًا ۖ وَمَا تَدْرِي نَفْسٌ بِأَيِّ أَرْضٍ تَمُوتُ ۚ إِنَّ اللَّهَ عَلِيمٌ خَبِيرٌ

নিশ্চয় আল্লাহ, তেওঁৰ ওচৰতেই আছে কিয়ামতৰ সঠিক জ্ঞান, তেৱেঁই বৰষুণ অৱতীৰ্ণ কৰে আৰু তেৱেঁই জানে মাতৃগৰ্ভত যি আছে। কোনোৱেই নাজানে অহা কালি সি কি উপাৰ্জন কৰিব আৰু কোনোৱেই নাজানে কোন ঠাইত তাৰ মৃত্যু ঘটিব। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সম্যক অৱহিত।

তাফছীৰ

নিশ্চিতভাৱে কিয়ামতৰ সঠিক জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰতেই আছে। একমাত্ৰ তেৱেঁই জানে কিয়ামত কেতিয়া সংঘটিত হ’ব। তেৱেঁই নিজ ইচ্ছা মতে বৰষুণ অৱতীৰ্ণ কৰে। গৰ্ভত কি আছে সেই সম্পৰ্কে তেৱেঁই জানে, পুত্ৰ সন্তান নে কন্যা সন্তান?! সৌভাগ্যশালী নে দুৰ্ভগীয়া?! কোনেও এই কথা নাজানে যে, সি অহাকালি কি অৰ্জন কৰিব, কল্যাণ নে অকল্যাণ। এই কথাও কোনোৱেই নাজানে যে সি কোন ঠাইত মৃত্যুবৰণ কৰিব। এই সকলোবোৰ তথ্য আছে একমাত্ৰ আল্লাহৰ ওচৰত। নিশ্চয় আল্লাহ এই সকলো বিষয়ে সৰ্বজ্ঞ তথা অৱগত। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক