ছূৰা 31 · জুজ 21
Luqman · 31:32
وَإِذَا غَشِيَهُمْ مَوْجٌ كَالظُّلَلِ دَعَوُا اللَّهَ مُخْلِصِينَ لَهُ الدِّينَ فَلَمَّا نَجَّاهُمْ إِلَى الْبَرِّ فَمِنْهُمْ مُقْتَصِدٌ ۚ وَمَا يَجْحَدُ بِآيَاتِنَا إِلَّا كُلُّ خَتَّارٍ كَفُورٍ
আৰু যেতিয়া ঢৌৱে সিহঁতক ছাঁৰ দৰে আচ্ছন্ন কৰে, তেতিয়া সিহঁতে একনিষ্ঠ অৱস্থাত আনুগত্যৰ সৈতে কেৱল আল্লাহকেই আহ্বান কৰে। তাৰ পিছত যেতিয়া তেওঁ সিহঁতক উদ্ধাৰ কৰি স্থলত পৌঁচাই দিয়ে তেতিয়া সিহঁতৰ কিছুমানে মধ্যম পন্থা অৱলম্বন কৰে। আৰু কেৱল বিশ্বাসঘাতক, কাফিৰ ব্যক্তিয়েই আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰে।
তাফছীৰ
সাগৰীয় ঢেউ যেতিয়া সিহঁতক পৰ্বত সদৃশ আৰু প্ৰকাণ্ড মেঘৰ দৰে আগুৰি ধৰে, তেতিয়া সিহঁতে একনিষ্ঠভাৱে একমাত্ৰ আল্লাহৰ ইবাদতৰ অঙ্গীকাৰ কৰি তেওঁৰ ওচৰত দুআ কৰিবলৈ ধৰে। এতেকে আল্লাহে যেতিয়া সিহঁতৰ দুআ কবূল কৰে আৰু সিহঁতক বিপদৰ পৰা ৰক্ষা কৰি যেতিয়া সুকলমে স্থলত পৌঁচাই দিয়ে, তেতিয়া সিহঁতৰ মাজৰ কিছুমানে মধ্যম পন্থা বাচি লয়, অৰ্থাৎ যিদৰে আল্লাহৰ কৃতজ্ঞতা কৰা উচিত সেইদৰ নকৰে। পক্ষান্তৰে আন কিছুমানে আল্লাহৰ নিয়ামতসমূহক অস্বীকাৰ কৰি বহে। আমাৰ আয়াতসমূহক কেৱল সেইসকল লোকেই অস্বীকাৰ কৰে, যিসকল হৈছে বিশ্বাসঘাতক, তথা যিয়ে নিয়ামত লাভ কৰাৰ পিছত আল্লাহৰ নিয়ামত অস্বীকাৰ কৰি অকৃতজ্ঞ হৈ পৰে। যিদৰে এই ব্যক্তিয়ে আল্লাহৰ লগত অঙ্গীকাৰ কৰিছিল যে, আল্লাহে যদি তাক বিপদৰ পৰা ৰক্ষা কৰে তেন্তে সি আল্লাহৰ কৃতজ্ঞ হৈ থাকিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক