ছূৰা 31 · জুজ 21
Luqman · 31:31
أَلَمْ تَرَ أَنَّ الْفُلْكَ تَجْرِي فِي الْبَحْرِ بِنِعْمَتِ اللَّهِ لِيُرِيَكُمْ مِنْ آيَاتِهِ ۚ إِنَّ فِي ذَٰلِكَ لَآيَاتٍ لِكُلِّ صَبَّارٍ شَكُورٍ
তুমি লক্ষ্য কৰা নাইনে যে, আল্লাহৰ অনুগ্ৰহতেই নৌযানসমূহ সাগৰত বিচৰণ কৰে, যাতে তেওঁ তেওঁৰ কিছু নিদৰ্শন তোমালোকক দেখুৱাব পাৰে? নিশ্চয় ইয়াত বহুতো নিদৰ্শন আছে, প্ৰত্যেক ধৈৰ্যশীল কৃতজ্ঞ ব্যক্তিৰ বাবে।
তাফছীৰ
তোমালোকে লক্ষ্য কৰা নাইনে, তেওঁৰ অনুগ্ৰহ আৰু বশীকৰণৰ ফলতেই নদ-নদী আৰু সাগৰত নৌ-যানসমূহ চলাচল কৰে। হে মানৱজাতি! এইবোৰৰ দ্বাৰা তেওঁ তোমালোকক তেওঁৰ ক্ষমতা আৰু অনুগ্ৰহৰ নিদৰ্শনসমূহ দেখুৱাব বিচাৰে। নিশ্চিতভাৱে এইবোৰৰ মাজত আছে সেইসকল লোকৰ বাবে আল্লাহৰ ক্ষমতাৰ নিদৰ্শন, যিসকলে দুখ-কষ্টত ধৈৰ্য্য ধাৰণ কৰে আৰু স্বচ্ছলতাৰ সময়ত আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক