ছূৰা 31 · জুজ 21

Luqman · 31:22

۞ وَمَنْ يُسْلِمْ وَجْهَهُ إِلَى اللَّهِ وَهُوَ مُحْسِنٌ فَقَدِ اسْتَمْسَكَ بِالْعُرْوَةِ الْوُثْقَىٰ ۗ وَإِلَى اللَّهِ عَاقِبَةُ الْأُمُورِ

আৰু যিয়ে একনিষ্ঠ আৰু বিশুদ্ধচিত্তে আল্লাহৰ ওচৰত নিজকে সমৰ্পন কৰে, তেওঁ নিশ্চিতভাৱে এডাল মজবুত ৰছী ধাৰণ কৰে; আৰু যাৱতীয় কৰ্মৰ পৰিণাম আল্লাহৰেই ওচৰত।

তাফছীৰ

যিয়ে আল্লাহ অভিমুখে হৈ নিৰ্ভেজালভাৱে তেওঁৰ ইবাদত কৰিব তথা সৎকৰ্ম কৰিব। তেওঁ নিশ্চিতভাৱে এটা মজবুত ৰছী ধাৰণ কৰিছে, যিটো বিচ্ছিন্ন হোৱাৰ কোনো আশংকা নাই। নাজাতৰ আশাবাদী লোকেই এনেকুৱা ৰছী মজবুতভাৱে ধাৰণ কৰে। সকলো কৰ্ম একমাত্ৰ আল্লাহৰ ওচৰতেই উভতি যায়। আৰু তেৱেঁই প্ৰত্যেককে উপযুক্ত প্ৰতিদান দান কৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক