ছূৰা 31 · জুজ 21
Luqman · 31:23
وَمَنْ كَفَرَ فَلَا يَحْزُنْكَ كُفْرُهُ ۚ إِلَيْنَا مَرْجِعُهُمْ فَنُنَبِّئُهُمْ بِمَا عَمِلُوا ۚ إِنَّ اللَّهَ عَلِيمٌ بِذَاتِ الصُّدُورِ
আৰু কোনোবাই কুফৰী কৰিলে, তাৰ কুফৰীয়ে যেন তোমাক চিন্তিত নকৰে। আমাৰ ওচৰতেই সিহঁতৰ প্ৰত্যাৱৰ্তন। এতেকে আমি সিহঁতক অৱহিত কৰিম সিহঁতে যি কৰিছিল। নিশ্চয় অন্তৰসমূহত যি আছে সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত।
তাফছীৰ
হে ৰাছুল! যিসকলে আল্লাহক অস্বীকাৰ কৰিছে, সিহঁতৰ কুফৰী কৰ্মত যাতে আপুনি চিন্তিত নহয়। কাৰণ কিয়ামতৰ দিনা আমাৰ ওচৰতেই সিহঁতে উভতি আহিব লাগিব। তেতিয়া আমি পৃথিৱীত কৰা সিহঁতৰ পাপকৰ্মবোৰ এটা এটাকৈ উদঙাই দিম। আৰু ইয়াৰ উচিত শাস্তিও প্ৰদান কৰিম। নিশ্চয় আল্লাহ অন্তৰৰ সকলো গোপন তথ্য সম্পৰ্কে সৰ্বজ্ঞ। অন্তৰৰ কোনো বিষয়েই তেওঁৰ পৰা গোপন নহয়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক