ছূৰা 31 · জুজ 21

Luqman · 31:21

وَإِذَا قِيلَ لَهُمُ اتَّبِعُوا مَا أَنْزَلَ اللَّهُ قَالُوا بَلْ نَتَّبِعُ مَا وَجَدْنَا عَلَيْهِ آبَاءَنَا ۚ أَوَلَوْ كَانَ الشَّيْطَانُ يَدْعُوهُمْ إِلَىٰ عَذَابِ السَّعِيرِ

আৰু সিহঁতক যেতিয়া কোৱা হয় যে, ‘আল্লাহে যি অৱতীৰ্ণ কৰিছে তোমালোকে সেয়া অনুসৰণ কৰা’। সিহঁতে কয়, ‘বৰং আমি আমাৰ পিতৃপুৰুষ সকলক যিটোৰ ওপৰত পাইছো সেইটোৰেই অনুসৰণ কৰিম’। চয়তানে যদি সিহঁতক জ্বলন্ত জুইৰ পিনে আহ্বান কৰে তথাপিও, (সিহঁতে পিতৃপুৰুষ সকলৰ অনুসৰণ কৰিবনে)?

তাফছীৰ

আল্লাহৰ তাওহীদ সম্পৰ্কে বাদানুবাদ কৰা এই লোকসকলক যেতিয়া কোৱা হয় যে, আল্লাহে তেওঁৰ ৰাছুলৰ ওপৰত যি অহী প্ৰেৰণ কৰিছে তোমালোকে তাৰ অনুসৰণ কৰা। তেতিয়া সিহঁতে কয়ঃ আমি সেইটো কেতিয়াও অনুসৰণ নকৰোঁ। বৰং আমি আমাৰ পূৰ্বৱৰ্তী লোকসকলক যিবোৰ উপাস্যৰ উপাসনা কৰা দেখিছোঁ আমি কেৱল সেইবোৰৰেই অনুসৰণ কৰিম। (কওকচোন!) যদি চয়তানে সিহঁতক আহ্বান কৰি (মূৰ্ত্তি পূজাৰ জৰিয়তে পথভ্ৰষ্ট কৰি) কিয়ামতৰ দিনা জাহান্নামৰ শাস্তিৰ সন্মুখীন কৰায়, তথাপিও সিহঁতে পূৰ্বৱৰ্তীসকলৰ অনুসৰণ কৰিবনে?!

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক