ছূৰা 31 · জুজ 21

Luqman · 31:12

وَلَقَدْ آتَيْنَا لُقْمَانَ الْحِكْمَةَ أَنِ اشْكُرْ لِلَّهِ ۚ وَمَنْ يَشْكُرْ فَإِنَّمَا يَشْكُرُ لِنَفْسِهِ ۖ وَمَنْ كَفَرَ فَإِنَّ اللَّهَ غَنِيٌّ حَمِيدٌ

আৰু অৱশ্যে আমি লুক্বমানক হিকমত দান কৰিছিলো আৰু কৈছিলো যে, আল্লাহৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা। আৰু যিয়ে কৃতজ্ঞতা প্ৰকাশ কৰে সি নিজৰ কল্যাণৰ বাবেই কৃতজ্ঞতা প্ৰকাশ কৰে আৰু যদি কোনোবাই অকৃতজ্ঞ হয় তেন্তে নিশ্চয় আল্লাহ অভাৱমুক্ত, চিৰ প্ৰশংসিত।

তাফছীৰ

নিশ্চয় আমি লুকমানক পৰিপূৰ্ণ ধৰ্মবোধ আৰু সঠিক নিৰ্ণয় কৰাৰ শক্তি প্ৰদান কৰিছিলোঁ আৰু তেওঁক কৈছিলোঁ, হে লুকমান! নিজ প্ৰতিপালকৰ কৃতজ্ঞতা জ্ঞাপন কৰা, কাৰণ তেৱেঁই তোমাক, তেওঁৰ আনুগত্য কৰাৰ তাওফীক প্ৰদান কৰিছে। যিয়ে নিজ প্ৰতিপালকৰ কৃতজ্ঞতা জ্ঞাপন কৰিব, সেই কৃতজ্ঞতাৰ প্ৰতিফল তেওঁ নিজেই ভোগ কৰিব। কাৰণ আল্লাহ কৃতজ্ঞতাৰ মুখাপেক্ষী নহয়। আনহাতে যিয়ে আল্লাহৰ নিয়ামতক অস্বীকাৰ কৰিব আৰু অকৃতজ্ঞ হ’ব, এই অকৃতজ্ঞতাৰ ক্ষতিৰ সন্মুখীন সি নিজেই হ’ব। সি আল্লাহৰ একো ক্ষতি কৰিব নোৱাৰিব। কাৰণ তেওঁ সকলো সৃষ্টিৰ পৰা অমুখাপেক্ষী। সকলো অৱস্থাতেই প্ৰশংসনীয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক