ছূৰা 31 · জুজ 21

Luqman · 31:11

هَٰذَا خَلْقُ اللَّهِ فَأَرُونِي مَاذَا خَلَقَ الَّذِينَ مِنْ دُونِهِ ۚ بَلِ الظَّالِمُونَ فِي ضَلَالٍ مُبِينٍ

এইটো আল্লাহৰ সৃষ্টি। এতেকে তেওঁৰ বাহিৰে আনে কি সৃষ্টি কৰিছে মোক দেখুৱাচোন? বৰং যালিমসকল আছে স্পষ্ট বিভ্ৰান্তিত।

তাফছীৰ

এই সকলোবোৰ হৈছে আল্লাহে সৃষ্টি কৰা বস্তু। এতেকে হে মুশ্বৰিকসকল! আল্লাহক এৰি তোমালোকে যিবোৰৰ উপাসনা কৰা সেইবোৰে কিবা সৃষ্টি কৰিছেনে? প্ৰকৃততে এই অন্যায়কাৰী লোকসকল সত্যৰ পৰা স্পষ্টভাৱে বিভ্ৰান্ত হৈ আছে। কিয়নো সিহঁতে নিজ প্ৰতিপালকৰ সৈতে এনেকুৱা বস্তুক শ্বিৰ্ক কৰে, যিবোৰে একো সৃষ্টি কৰিব নোৱাৰে, বৰং সিহঁত নিজেই সৃষ্ট।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক