ছূৰা 31 · জুজ 21

Luqman · 31:10

خَلَقَ السَّمَاوَاتِ بِغَيْرِ عَمَدٍ تَرَوْنَهَا ۖ وَأَلْقَىٰ فِي الْأَرْضِ رَوَاسِيَ أَنْ تَمِيدَ بِكُمْ وَبَثَّ فِيهَا مِنْ كُلِّ دَابَّةٍ ۚ وَأَنْزَلْنَا مِنَ السَّمَاءِ مَاءً فَأَنْبَتْنَا فِيهَا مِنْ كُلِّ زَوْجٍ كَرِيمٍ

তেৱেঁই আকাশসমূহ নিৰ্মাণ কৰিছে খুটাবিহীন, যিটো তোমালোকে দেখি আছা, তেৱেঁই পৃথিৱীত স্থাপন কৰিছে সুদৃঢ় পৰ্বতমালা যাতে পৃথিৱীয়ে তোমালোকক লৈ ঢলি নপৰে লগতে ইয়াত সিচৰিত কৰি দিছে সকলো ধৰণৰ জীৱ-জন্তু। আমিয়েই আকাশৰ পৰা পানী বৰ্ষণ কৰো তাৰ পিছত ইয়াত উৎপন্ন কৰো নানা প্ৰকাৰৰ কল্যাণকৰ উদ্ভিদ।

তাফছীৰ

পৱিত্ৰ তথা মহান আল্লাহে আকাশমণ্ডলক কোনো খুঁটা নোহোৱাকৈ সুউচ্চ কৰি ৰাখিছে। লগতে পৃথিৱীত প্ৰতিষ্ঠিত কৰিছে সুদৃঢ় পৰ্বতমালা, যাতে পৃথিৱীয়ে তোমালোকক বহন কৰি লৰচৰ কৰিব নোৱাৰে। লগতে পৃথিৱীৰ ওপৰত প্ৰসাৰিত কৰিছে বিভিন্ন প্ৰকাৰৰ জীৱ-জন্তু। তেৱেঁই আকাশৰ পৰা পানী বৰষায়, যাৰ ফলত পৃথিৱীৰ বুকুত সৌন্দৰ্যময় বিভিন্ন প্ৰকাৰৰ উদ্ভিদ উৎপন্ন হয়, যিবোৰৰ দ্বাৰা মানুহ আৰু জীৱ-জন্তু সকলোৱে উপকৃত হয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক