ছূৰা 31 · জুজ 21
Luqman · 31:9
خَالِدِينَ فِيهَا ۖ وَعْدَ اللَّهِ حَقًّا ۚ وَهُوَ الْعَزِيزُ الْحَكِيمُ
তাত তেওঁলোক স্থায়ী হ’ব। আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। আৰু তেওঁ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।
তাফছীৰ
তেওঁলোকে সেই নিয়ামতবোৰৰ মাজত চিৰকাল অৱস্থান কৰিব। আল্লাহে এই বিষয়ে তেওঁলোকক সত্য প্ৰতিশ্ৰুতি দান কৰিছে, যাৰ মাজত সন্দেহৰ কোনো অৱকাশ নাই। তেওঁ অতি পৱিত্ৰ, মহাপৰাক্ৰমশালী; যাক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, পৰিচালনাত আৰু চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক