ছূৰা 31 · জুজ 21
O my son, do not associate with Allah · Luqman 31:13
وَإِذْ قَالَ لُقْمَانُ لِابْنِهِ وَهُوَ يَعِظُهُ يَا بُنَيَّ لَا تُشْرِكْ بِاللَّهِ ۖ إِنَّ الشِّرْكَ لَظُلْمٌ عَظِيمٌ
আৰু স্মৰণ কৰা, যেতিয়া লুক্বমানে তেওঁৰ পুত্ৰক উপদেশ দি কৈছিল, ‘হে মোৰ পুত্ৰ! আল্লাহৰ লগত শ্বিৰ্ক নকৰিবা। নিশ্চয় শ্বিৰ্ক মহা অন্যায়’।
তাফছীৰ
হে ৰাছুল! স্মৰণ কৰক, যেতিয়া লুকমানে তেওঁৰ পুত্ৰক কল্যাণৰ উপদেশ প্ৰদান কৰি আৰু বেয়া কৰ্মৰ পৰা সতৰ্ক কৰি কৈছিলঃ হে মোৰ পুত্ৰ! আল্লাহৰ ইবাদতত আনক অংশীদাৰ স্থাপন নকৰিবা। কাৰণ আল্লাহৰ সৈতে আন কোনো উপাস্যৰ উপাসনা কৰাটো মহা অন্যায়। নিশ্চিতভাৱে এইটো মহাপাপ, আৰু ইয়াৰ ফলত মানুহ চিৰস্থায়ী জাহান্নামী হয়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক