ছূৰা 30 · জুজ 21
Ar-Rum · 30:8
أَوَلَمْ يَتَفَكَّرُوا فِي أَنْفُسِهِمْ ۗ مَا خَلَقَ اللَّهُ السَّمَاوَاتِ وَالْأَرْضَ وَمَا بَيْنَهُمَا إِلَّا بِالْحَقِّ وَأَجَلٍ مُسَمًّى ۗ وَإِنَّ كَثِيرًا مِنَ النَّاسِ بِلِقَاءِ رَبِّهِمْ لَكَافِرُونَ
সিহঁতে নিজৰ অন্তৰত ভাবি নাচায় নেকি? আল্লাহে আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মাজত থকা সকলো বস্তু সৃষ্টি কৰিছে যথাযথভাৱে আৰু এটা নিৰ্দিষ্ট সময়ৰ বাবে। কিন্তু মানুহৰ মাজত বহুতেই নিজ প্ৰতিপালকৰ সাক্ষাত সম্পৰ্কে অবিশ্বাসী।
তাফছীৰ
এই অস্বীকাৰকাৰী মুশ্বৰিকসকলে নিজৰ অস্তিত্বক লৈ চিন্তা-চৰ্চা নকৰে নেকি, কিদৰে আল্লাহে সিহঁতক সৃষ্টি কৰিছে আৰু কেনেকৈ সঠিক আকৃতি প্ৰদান কৰিছে? আল্লাহে আকাশমণ্ডল আৰু পৃথিৱীক তথা এই দুয়োৰে মাজত থকা সকলো বস্তুক সত্য সহকাৰে সৃষ্টি কৰিছে। এইবোৰক তেওঁ অনৰ্থক সৃষ্টি কৰা নাই। এইবোৰৰ কাৰণে তেওঁ এটা ম্যাদো নিৰ্ধাৰণ কৰিছে। নিশ্চয় বহুতো মানুহে কিয়ামতৰ দিনা হ’বলগীয়া নিজ প্ৰতিপালকৰ সাক্ষাতক অস্বীকাৰ কৰে। সেইকাৰণেই সিহঁতে নিজ প্ৰতিপালকৰ সন্তুষ্টিমূলক নেক কৰ্মবোৰ কৰি পুনৰুত্থানৰ বাবে প্ৰস্তুতি গ্ৰহণ নকৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক