ছূৰা 30 · জুজ 21

Ar-Rum · 30:7

يَعْلَمُونَ ظَاهِرًا مِنَ الْحَيَاةِ الدُّنْيَا وَهُمْ عَنِ الْآخِرَةِ هُمْ غَافِلُونَ

সিহঁতে পাৰ্থিৱ জীৱনৰ বাহ্য দিশ সম্পৰ্কে অৱগত, আৰু সিহঁত আখিৰাত সম্বন্ধে উদাসীন।

তাফছীৰ

সিহঁতে ঈমান সম্পৰ্কেও নাজানে আৰু চৰীয়ত সম্পৰ্কেও অৱগত নহয়। সিহঁতে কেৱল পাৰ্থিৱ জীৱনৰ বাহ্যিক দিশটোহে জানে। অৰ্থাৎ সিহঁতৰ সম্পৰ্ক কেৱল জীৱিকা উপাৰ্জন আৰু ভৌতিক সভ্যতাৰ লগত। বাস্তৱিক জীৱনৰ ঘৰ অৰ্থাৎ আখিৰাতৰ পৰা সিহঁত বিমুখ হৈ আছে। ইয়াৰ প্ৰতি সিহঁতে অকণো মনোনিৱেশ নকৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক