ছূৰা 30 · জুজ 21
Ar-Rum · 30:9
أَوَلَمْ يَسِيرُوا فِي الْأَرْضِ فَيَنْظُرُوا كَيْفَ كَانَ عَاقِبَةُ الَّذِينَ مِنْ قَبْلِهِمْ ۚ كَانُوا أَشَدَّ مِنْهُمْ قُوَّةً وَأَثَارُوا الْأَرْضَ وَعَمَرُوهَا أَكْثَرَ مِمَّا عَمَرُوهَا وَجَاءَتْهُمْ رُسُلُهُمْ بِالْبَيِّنَاتِ ۖ فَمَا كَانَ اللَّهُ لِيَظْلِمَهُمْ وَلَٰكِنْ كَانُوا أَنْفُسَهُمْ يَظْلِمُونَ
সিহঁতে পৃথিৱীত ভ্ৰমণ কৰা নাইনে? তেতিয়াহে সিহঁতে দেখিলেহেঁতেন যে, সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ দশা কি হৈছিল, শক্তিত সিহঁত আছিল ইহঁততকৈয়ো প্ৰবল, সিহঁতে মাটি চহাইছিল, আৰু সিহঁতে ইহঁতৰ আবাদতকৈয়ো বেছি আবাদ কৰিছিল। সিহঁতৰ ওচৰত সিহঁতৰ ৰাছুলসকল সুস্পষ্ট প্ৰমাণসহ আহিছিল। প্ৰকৃততে আল্লাহ এনে নহয় যে, তেওঁ সিহঁতৰ প্ৰতি অন্যায় কৰিছে বৰং সিহঁত নিজেই নিজৰ প্ৰতি অন্যায় কৰিছিল।
তাফছীৰ
ইহঁতে পৃথিৱীত চলাফুৰা নকৰে নেকি, তেতিয়াহে চিন্তা-চৰ্চা কৰিব পাৰিলেহেঁতেন যে, ইহঁতৰ পূৰ্বে যিসকলে অস্বীকাৰ কৰিছিল সিহঁতৰ কি দশা হৈছিল? সেই উম্মতসমূহ ইহঁততকৈও শক্তিশালী আছিল। সিহঁতে প্ৰচুৰ পৰিমাণে খেতি-বাতি কৰিছিল আৰু নিৰ্মাণ কাৰ্য্য কৰিছিল। ইহঁততকৈ সিহঁতেই অধিক উন্নতি কৰিছিল। সিহঁতৰ ওচৰত সিহঁতৰ ৰাছুলসকলে যেতিয়া আল্লাহৰ তাওহীদৰ স্পষ্ট দলিল-প্ৰমাণসমূহ লৈ আগমন কৰিছিল, তেতিয়া সিহঁতে তেওঁলোকক অস্বীকাৰ কৰিছিল। এতেকে আল্লাহে সিহঁতক ধ্বংস কৰি অন্যায় কৰা নাই। বৰং সিহঁতে কুফৰী কৰি আৰু নিজকে ধ্বংসৰ গৰাহত নিক্ষেপ কৰি নিজৰেই ক্ষতি কৰিছিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক