ছূৰা 30 · জুজ 21

Ar-Rum · 30:58

وَلَقَدْ ضَرَبْنَا لِلنَّاسِ فِي هَٰذَا الْقُرْآنِ مِنْ كُلِّ مَثَلٍ ۚ وَلَئِنْ جِئْتَهُمْ بِآيَةٍ لَيَقُولَنَّ الَّذِينَ كَفَرُوا إِنْ أَنْتُمْ إِلَّا مُبْطِلُونَ

আৰু অৱশ্যে আমি এই কোৰআনত মানুহৰ বাবে সকলো ধৰণৰ দৃষ্টান্ত দাঙি ধৰিছো। তুমি যদি সিহঁতৰ ওচৰত কোনো নিদৰ্শন উপস্থিত কৰা, তেন্তে যিসকলে কুফৰী কৰিছে সিহঁতে অৱশ্যে ক’ব, ‘তোমালোক হৈছা বাতিলপন্থী’।

তাফছীৰ

আমি মানুহৰ প্ৰতি বিশেষ মনোযোগ প্ৰদান কৰি সিহঁতৰ বাবে এই কোৰআনত সকলো প্ৰকাৰৰ উদাহৰণ দাঙি ধৰিছোঁ। যাতে সিহঁতৰ সন্মুখত অসত্যৰ পৰা সত্য স্পষ্ট হৈ পৰে। হে ৰাছুল! আপুনি যদি সিহঁতৰ ওচৰত আপোনাৰ সত্যতাৰ কোনো প্ৰমাণ লৈ আহে, তথাপিও আল্লাহক অস্বীকাৰ কৰা লোকসকলে নিশ্চয় ক’বঃ তোমালোক হৈছা বাতিলপন্থী, আৰু এই তথ্যবোৰো তোমালোকৰ মনেসজা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক