ছূৰা 30 · জুজ 21

Ar-Rum · 30:56

وَقَالَ الَّذِينَ أُوتُوا الْعِلْمَ وَالْإِيمَانَ لَقَدْ لَبِثْتُمْ فِي كِتَابِ اللَّهِ إِلَىٰ يَوْمِ الْبَعْثِ ۖ فَهَٰذَا يَوْمُ الْبَعْثِ وَلَٰكِنَّكُمْ كُنْتُمْ لَا تَعْلَمُونَ

আৰু যিসকলক জ্ঞান আৰু ঈমান দিয়া হৈছে তেওঁলোকে ক’ব, ‘অৱশ্যে তোমালোকে আল্লাহৰ লিখা অনুযায়ী পুনৰুত্থানৰ দিন লৈকে অৱস্থান কৰিছা। এতেকে এইটোৱেই পুনৰুত্থানৰ দিন কিন্তু তোমালোকে জনা নাছিলা’।

তাফছীৰ

যিসকলক আল্লাহে জ্ঞান দান কৰিছিল অৰ্থাৎ নবী আৰু ফিৰিস্তাসকলে ক'বঃ তোমালোকে সেই পুনৰুত্থান দিৱসলৈকে অৱস্থান কৰিছা, যিটোক আল্লাহে তেওঁৰ জ্ঞান অনুসাৰে তোমালোকৰ সৃষ্টিৰ সময়তেই নিৰ্ধাৰণ কৰি লিখি ৰাখিছিল, অথচ তোমালোকে ইয়াক অস্বীকাৰ কৰিছিলা। এতেকে এইটোৱেই হৈছে সেই দিন, যিদিনা মানুহক সিহঁতৰ কবৰৰ পৰা পুনৰুত্থিত কৰা হ'ব।দৰাচলতে তোমালোকে জনাই নাছিলা যে, আখিৰাতৰ বাবে পুনৰ্জীৱন লাভ কৰাটো এটা চিৰসত্য বিষয়। সেইকাৰণেই তোমালোকে ইয়াক অস্বীকাৰ কৰিছিলা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক