ছূৰা 30 · জুজ 21
Ar-Rum · 30:50
فَانْظُرْ إِلَىٰ آثَارِ رَحْمَتِ اللَّهِ كَيْفَ يُحْيِي الْأَرْضَ بَعْدَ مَوْتِهَا ۚ إِنَّ ذَٰلِكَ لَمُحْيِي الْمَوْتَىٰ ۖ وَهُوَ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ
এতেকে তুমি আল্লাহৰ অনুগ্ৰহৰ ফল সম্পৰ্কে চিন্তা কৰা, কিদৰে তেওঁ মৃত ভূমিক পুনৰ্জীৱিত কৰে। নিশ্চয় এইদৰেই আল্লাহে মৃতক জীৱিত কৰিব, আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।
তাফছীৰ
হে ৰাছুল! আপুনি বৰষুণৰ প্ৰভাৱৰ প্ৰতি মন কৰকচোন, যি বৰষুণক আল্লাহে তেওঁৰ বান্দাসকলৰ বাবে ৰহমতস্বৰূপ প্ৰেৰণ কৰে। কিদৰে তেওঁ মৃত ভূমিক জীৱিত কৰি তাত বিভিন্ন প্ৰকাৰৰ উদ্ভিদ উৎপন্ন কৰে! জানি থওক, যি সত্তাই এই মৃত ভূমিক জীৱিত কৰে, নিশ্চিতভাৱে তেৱেঁই মৃত লোকসকলক জীৱিত কৰি পুনৰুত্থিত কৰিব। তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। তেওঁৰ ক্ষমতাৰ বাহিৰত একোৱেই নাই।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক