ছূৰা 30 · জুজ 21
Ar-Rum · 30:51
وَلَئِنْ أَرْسَلْنَا رِيحًا فَرَأَوْهُ مُصْفَرًّا لَظَلُّوا مِنْ بَعْدِهِ يَكْفُرُونَ
আৰু যদি আমি এনেকুৱা বতাহ প্ৰেৰণ কৰো যাৰ ফলত সিহঁতে দেখিবলৈ পায় যে, শস্য হালধীয়া বৰ্ণ ধাৰণ কৰিছে, তেতিয়া সিহঁত অকৃতজ্ঞ হৈ পৰে।
তাফছীৰ
যদি আমি সিহঁতৰ খেতি-পথাৰত বিনাশকাৰী বতাহ প্ৰেৰণ কৰোঁ, যি বতাহে সিহঁতৰ খেতি-বাতি তচনচ কৰি পেলায়, আৰু সিহঁতে যদি সেউজীয়া পথাৰক হালধীয়া দেখিবলৈ পায়, তেন্তে পূৰ্বৱৰ্তী আল্লাহৰ অসংখ্য নিয়ামতসমূহক পাহৰি অকৃতজ্ঞ হৈ পৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক