ছূৰা 30 · জুজ 21
Ar-Rum · 30:48
اللَّهُ الَّذِي يُرْسِلُ الرِّيَاحَ فَتُثِيرُ سَحَابًا فَيَبْسُطُهُ فِي السَّمَاءِ كَيْفَ يَشَاءُ وَيَجْعَلُهُ كِسَفًا فَتَرَى الْوَدْقَ يَخْرُجُ مِنْ خِلَالِهِ ۖ فَإِذَا أَصَابَ بِهِ مَنْ يَشَاءُ مِنْ عِبَادِهِ إِذَا هُمْ يَسْتَبْشِرُونَ
আল্লাহেই সেই সত্তা যিজনে বতাহ প্ৰেৰণ কৰে, ফলত ই মেঘমালাক সঞ্চালিত কৰে, তাৰ পিছত তেওঁ ইয়াক যেনে ইচ্ছা আকাশত প্ৰসাৰিত কৰি দিয়ে, আৰু ইয়াক খণ্ড-বিখণ্ড কৰি দিয়ে, ফলত তুমি দেখিবলৈ পোৱা তাৰ মাজৰ পৰা ওলাই আহে বৰষুণৰ টোপাল, তাৰ পিছত যেতিয়া তেওঁ ইয়াক তেওঁৰ বান্দাসকলৰ মাজত যিসকলৰ ওচৰত ইচ্ছা পৌঁচাই দিয়ে তেতিয়া সিহঁত আনন্দিত হয়,
তাফছীৰ
পৱিত্ৰ আল্লাহেই বতাহক সঞ্চালন কৰে, আৰু ইফালে সিফালে প্ৰেৰণ কৰে। সেই বতাহৰ দ্বাৰাই তেওঁ মেঘক আকাশত নিজ ইচ্ছা মতে প্ৰসাৰিত কৰে আৰু সেইবোৰক বিভিন্ন টুকুৰাত বিভক্ত কৰে, কম হওক অথবা বেছি। এতেকে হে প্ৰত্যক্ষকাৰী ব্যক্তি! নিশ্চয় তুমি সেই মেঘৰ ভিতৰৰ পৰা বৰষুণ অৱতীৰ্ণ হোৱা দেখিবলৈ পোৱা। এতেকে আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ যিসকলক ইচ্ছা কৰে বৰষুণ প্ৰদান কৰে। বৰষুণৰ ৰূপত তেওঁলোকে আল্লাহৰ ৰহমত লাভ কৰি আনন্দিত হয়। কাৰণ বৰষুণৰ পিছত স্বয়ং সিহঁতৰ বাবে আৰু জীৱ-জন্তুৰ বাবে ভূমিৰ পৰা অত্যাৱশ্যকীয় খাদ্যদ্ৰৱ্য উৎপাদন হয়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক