ছূৰা 30 · জুজ 21

Ar-Rum · 30:47

وَلَقَدْ أَرْسَلْنَا مِنْ قَبْلِكَ رُسُلًا إِلَىٰ قَوْمِهِمْ فَجَاءُوهُمْ بِالْبَيِّنَاتِ فَانْتَقَمْنَا مِنَ الَّذِينَ أَجْرَمُوا ۖ وَكَانَ حَقًّا عَلَيْنَا نَصْرُ الْمُؤْمِنِينَ

আৰু অৱশ্যে আমি তোমাৰ পূৰ্বে ৰাছুলসকলক তেওঁলোকৰ নিজ নিজ সম্প্ৰদায়ৰ ওচৰত প্ৰেৰণ কৰিছিলো। এতেকে তেওঁলোকে সিহঁতৰ ওচৰত সুস্পষ্ট প্ৰমাণাদি লৈ আহিছিল, ফলত আমি অপৰাধী বিলাকৰ পৰা প্ৰতিশোধ লৈছিলো। আমাৰ দায়িত্ব কেৱল মুমিনসকলক সহায় কৰা।

তাফছীৰ

হে ৰাছুল! আমি আপোনাৰ পূৰ্বেও বহুতো ৰাছুলক তেওঁলোকৰ জাতিৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ। এতেকে তেওঁলোকে নিজৰ সত্যতা প্ৰমাণ কৰিবলৈ যথেষ্ট দলিল-প্ৰমাণ লৈ আহিছিল। তথাপিও সিহঁতে ৰাছুলসকলে লৈ অহা বাৰ্তাক অস্বীকাৰ কৰিছিল। সেয়ে আমি পাপকৰ্মকাৰী লোকসকলৰ পৰা প্ৰতিশোধ লৈছিলোঁ, আৰু সিহঁতক আমাৰ শাস্তিৰ দ্বাৰা ধ্বংস কৰিছিলোঁ। আনহাতে ৰাছুলসকলক আৰু মুমিনসকলক সেই ধ্বংসৰ পৰা ৰক্ষা কৰিছিলোঁ। কাৰণ মুমিনসকলক ৰক্ষা কৰা আৰু তেওঁলোকক সহায় কৰা আমাৰ ওপৰত অনিবাৰ্য আছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক