ছূৰা 30 · জুজ 21

Ar-Rum · 30:36

وَإِذَا أَذَقْنَا النَّاسَ رَحْمَةً فَرِحُوا بِهَا ۖ وَإِنْ تُصِبْهُمْ سَيِّئَةٌ بِمَا قَدَّمَتْ أَيْدِيهِمْ إِذَا هُمْ يَقْنَطُونَ

আৰু যেতিয়া আমি মানুহক ৰহমতৰ সোৱাদ লবলৈ দিওঁ তেতিয়া সিহঁতে সেইটো লৈ উৎফুল্লিত হয় আৰু যদি সিহঁতৰ কৃতকৰ্মৰ বাবে কোনো অনিষ্ট সাধন হয় তেতিয়া সিহঁত নিৰাশ হৈ পৰে।

তাফছীৰ

যেতিয়া আমি মানুহক কোনো নিয়ামতৰ সোৱাদ লবলৈ দিওঁ, উদাহৰণস্বৰূপে সুস্বাস্থ্য আৰু ধন-সম্পদ আদি, তেতিয়া সিহঁতে গৌৰৱ আৰু অহংকাৰ কৰিবলৈ ধৰে। পক্ষান্তৰে সিহঁতৰ গুনাহৰ ফলস্বৰূপে যদি আমি সিহঁতক কোনো বেমাৰ-আজাৰ অথবা অভাৱ অনাটনত আক্ৰান্ত কৰোঁ তেন্তে সিহঁতে আল্লাহৰ ৰহমতৰ পৰা নিৰাশ হৈ পৰে, আনকি সিহঁত ইমান হতাশাগ্ৰস্ত হয় যে, যেনিবা এই বিপদ সিহঁতৰ পৰা কেতিয়াও আঁতৰি নাযাব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক