ছূৰা 30 · জুজ 21

Ar-Rum · 30:35

أَمْ أَنْزَلْنَا عَلَيْهِمْ سُلْطَانًا فَهُوَ يَتَكَلَّمُ بِمَا كَانُوا بِهِ يُشْرِكُونَ

আমি সিহঁতৰ ওচৰত এনেকুৱা কোনো প্ৰমাণ অৱতীৰ্ণ কৰিছো নেকি, যিটোৱে সিহঁতক শ্বিৰ্ক কৰিবলৈ অনুমতি দিয়ে?

তাফছীৰ

আল্লাহৰ লগত শ্বিৰ্ক কৰিবলৈ সিহঁতক কিহে আহ্বান কৰিছিল, অথচ সিহঁতৰ ওচৰত কোনো প্ৰমাণ নাছিল? আমি সিহঁতৰ ওপৰত কিতাব আকাৰেও কোনো প্ৰমাণ অৱতীৰ্ণ কৰা নাছিলোঁ, যাৰ দ্বাৰা শ্বিৰ্ক প্ৰমাণিত হ’ব। আনহাতে সিহঁতৰ ওচৰত কোনো কিতাবো নাই, যাৰ মাজত শ্বিৰ্ক কৰাৰ দলিল বিচাৰি পাব। অথবা সিহঁতে অৱস্থান কৰা কুফৰীক সঠিক বুলি প্ৰমাণ কৰিবলৈও একো বিচাৰি নাপাব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক