ছূৰা 30 · জুজ 21
Ar-Rum · 30:34
لِيَكْفُرُوا بِمَا آتَيْنَاهُمْ ۚ فَتَمَتَّعُوا فَسَوْفَ تَعْلَمُونَ
ফলত আমি সিহঁতক যি প্ৰদান কৰিছো, তাৰ প্ৰতি সিহঁতে অকৃতজ্ঞ হয়। এতেকে তোমালোকে ভোগ কৰি লোৱা, অতি শীঘ্ৰেই তোমালোকে জানিব পাৰিবা (ইয়াৰ পৰিণাম)!
তাফছীৰ
আল্লাহৰ নিয়ামতবোৰক যিহেতু সিহঁতে অস্বীকাৰ কৰিছে, বিপদ-আপদ দূৰ কৰাও এটা নিয়ামত, লগতে পাৰ্থিৱ জীৱনত যি যি সামগ্ৰী লাভ কৰিছে সেইবোৰ কৃতজ্ঞতা নকৰাকৈয়ে উপভোগ কৰি আছে, সেয়ে কিয়ামতৰ দিনা সিহঁতে শীঘ্ৰেই অনুভৱ কৰিব যে, সিহঁত নিশ্চিততভাৱে স্পষ্ট বিভ্ৰান্তিত লিপ্ত আছিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক