ছূৰা 30 · জুজ 21
Ar-Rum · 30:33
وَإِذَا مَسَّ النَّاسَ ضُرٌّ دَعَوْا رَبَّهُمْ مُنِيبِينَ إِلَيْهِ ثُمَّ إِذَا أَذَاقَهُمْ مِنْهُ رَحْمَةً إِذَا فَرِيقٌ مِنْهُمْ بِرَبِّهِمْ يُشْرِكُونَ
আৰু মানুহক যেতিয়া দুঃখ-দৈন্যই স্পৰ্শ কৰে তেতিয়া সিহঁতে নিজ প্ৰতিপালকৰ পিনে বিনীতভাৱে উভতি আহি কেৱল তেওঁকেই আহ্বান কৰে। তাৰ পিছত যেতিয়া তেওঁ সিহঁতক নিজ অনুগ্ৰহৰ সোৱাদ লবলৈ দিয়ে, তেতিয়া সিহঁতৰ এটা দলে নিজ প্ৰতিপালকৰ লগত শ্বিৰ্ক কৰে;
তাফছীৰ
মুশ্বৰিকসকলে যেতিয়া বেমাৰ-আজাৰ অথবা দৰিদ্ৰতা নাইবা অভাৱ অনাটনৰ সন্মুখীন হয়, তেতিয়া সিহঁতে একমাত্ৰ আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তন কৰে আৰু বিনীত হৈ এই দুআ কৰে যে, তেওঁ যেন সিহঁতৰ বিপদ-আপদ দূৰ কৰি দিয়ে। এতেকে তেওঁ যেতিয়া সিহঁতৰ দুখ-দৈন্যতা আৰু বিপদ-আপদ দূৰ কৰি দিয়ে তেতিয়া সিহঁতৰ মাজৰ এটা দল শ্বিৰ্কৰ পথলৈ আকৌ উভতি যায়, আৰু দুআত আনকো অংশীদাৰ কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক