ছূৰা 30 · জুজ 21
Ar-Rum · 30:32
مِنَ الَّذِينَ فَرَّقُوا دِينَهُمْ وَكَانُوا شِيَعًا ۖ كُلُّ حِزْبٍ بِمَا لَدَيْهِمْ فَرِحُونَ
যিসকলে নিজৰ দ্বীনক বিভক্ত কৰিছে আৰু বিভিন্ন দলত পৰিণত হৈছে (সিহঁতৰ অন্তৰ্ভুক্ত নহ'বা)। প্ৰত্যেক দলেই সিহঁতৰ ওচৰত যি আছে সেইটো লৈয়ে উৎফুল্লিত।
তাফছীৰ
তথা সেইসকল মুশ্বৰিকৰ অন্তৰ্ভুক্ত নহ’বা, যিসকলে নিজৰ ধৰ্মক বিকৃত কৰিছে। তাৰে কিছুমান বিধানক সিহঁতে মানি লৈছে আৰু কিছুমানক নাকচ কৰিছে, এইদৰে সিহঁতে বিভিন্ন গোটত বিভক্ত হৈছে। প্ৰত্যেক গোটৰ ব্যক্তিবৰ্গই সিহঁতৰ ওচৰত থকা অসত্যক লৈ আনন্দিত। সিহঁতে ধাৰণা কৰে যে, সত্যৰ ওপৰত কেৱল সিহঁতেই আছে। আৰু সিহঁতৰ বাহিৰে সকলোৱে অসত্যৰ পথত পৰিচালিত।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক